এখন ছবি চাবলৈ চৰকাৰে আপোনাক দিব আধা দিনৰ ছুটি । এয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে,মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে মহানগৰীৰ চিটি চেন্টাৰত থকা ছবিঘৰত তেওঁৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী আৰু বিজেপি বিধায়কসকলক লৈ চিনেমাখন উপভোগ কৰিছিল ।
বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি “দ্য কাশ্মীৰ ফাইল্ছ” মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধছুটী ঘোষণা কৰিছে ৷
মুখ্যমন্ত্ৰীয়ে নিজ টুইটযোগে সদৰী কৰে যে,প্ৰকাশ কৰে যে,ছবিখন উপভোগ কৰিব বিচৰা কৰ্মচাৰীসকলে কেৱল তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক এই বিষয়ে অৱগত কৰিব লাগিব আৰু পিছদিনা তেওঁলোকৰ টিকট জমা দিব লাগিব ।
দ্য কাশ্মীৰ ফাইলছত ১৯৯০ চনত কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত কৰা আক্ৰমণৰ ফলত তেওঁলোক উপত্যকাটোৰ পৰা প্ৰস্থান কৰা দৃশ্যাংশ দেখুওৱা হৈছে । ইতিমধ্যে কেইবাখনো বিজেপি শাসিত ৰাজ্যই ছবিখনৰ মনোৰঞ্জন কৰ ৰেহাই দিছে ।