বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হয় । এই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন মন্তব্য আগবঢ়ায় । তেওঁ এক মন্তব্যত কয় যে, ‘কোনটো গৰুক ভোট দিলে গাখীৰ পাব, সেই চাই ভোট দিব। একাংশক ভোট দিলে দানা খুৱাই কিন্তু গাখীৰ নোলায়। মতা গৰুৱে ক’ৰ পৰা গাখীৰ দিব। জাতীয় পৰিষদৰ প্ৰাৰ্থী উঠিছে। তেওঁলোকৰ বিধায়ক আছে জানো ? বিজেপিৰ দুটা ঈঞ্জিন আছে। এটা দিল্লী আৰু এটা দিছপুৰত। জাতীয় পৰিষদক ভোট দিলে কোনটো ঈঞ্জিনৰ পৰা চলাব। লগতে কয় য়ে প্ৰাৰ্থী দিব লাগিছিল মাজুলীৰ পৰা।মাজুলীত ২ লাখ মানুহ আছে। কিন্তু প্ৰাৰ্থী দিছে ধেমাজীৰ পৰা।’
ইপিনে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এপ্ৰিলত আৰু ভাল খবৰ পাব।
অৰুণোদই নোপোৱা সকলে চিন্তা নকৰিব। সকলোৱে পাব। মাইক্ৰফাইনেঞ্চ লোণ সকলো পৰিশোধ কৰি দিয়া হ’ব। এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব।লগতে কলেজলৈ অহা যোৱা চাহ খোৱাৰ খৰচ চৰকাৰে দ্বায়িত্ব লব।ইয়াৰ উপৰি লৰাইয়ো বাইক পাব।ইয়াৰ উপৰি নৱম শ্ৰেণী পোৱাৰ লগে লগে ঘৰতে কাষ্ট চাৰ্টিফিকেট পাব শিক্ষাৰ্থীয়ে ।
ইফালে ৰাইজে বিচৰা সকলো পাব।আপোনালোকৰ আশীৰ্বাদ মোৰ বাবে ভিটামিন। আশীৰ্বাদৰ বহু বল আছে।’ এনেদৰে মন্তব্য কৰে উল্লেখ্য যে, বুধবাৰে জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ইয়াৰ পিছতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী বতাহ।