অসম ক্ৰিকেট সংস্থাৰ প্ৰতি আগ্ৰহী সকলৰ বাবে বিভিন্ন কৰ্মচাৰীৰ পদ খালী হৈছে। খালী হোৱা পদৰ নিযুক্তিৰ আবেদনৰ বাবে অসম ক্ৰিকেট সংস্থাই এক জাননী প্ৰকাশ কৰিছে। আবেদনৰ অন্তিম তাৰিখ ১২-০৫-২০২২ ।
বিজ্ঞাপনৰ বিৱৰণৰ বাবে: ক্লিক কৰক
অফিচিয়েল ৱেবছাইটত যাবলৈ: ক্লিক কৰক
ৱাক ইন ইণ্টাৰভিউ অনুসূচীৰ বাবে ১২-০৫-২০২২ তাৰিখে আবেলি ৩ বজাৰ পৰা নিৰ্ধাৰণ কৰিছে। ৱাক ইন ইণ্টাৰভিউৰ স্থান এচিএ ষ্টেডিয়াম, বৰচাপাৰা, গুৱাহাটী-৭৮১০১৮, অসম।
মুকলি হোৱা পদৰ সবিশেষ তলত উল্লেখ কৰা হল:
এ.চি.এ আৱাসিক ক্ৰিকেট একাডেমীত ল’ৰাৰ বাবে হোষ্টেল ৱাৰ্ডেন:
পদৰ সংখ্যা: ১ (এক)
যোগ্যতাৰ চৰ্ত: শিক্ষানুষ্ঠান/ অন্যান্য শিক্ষাৰ্থী সম্পৰ্কীয় কাৰ্যকলাপত হোষ্টেল প্ৰশাসনৰ অভিজ্ঞতাৰ সৈতে যিকোনো শাখাত স্নাতক।
নিৰাপত্তাৰক্ষী:
পদৰ সংখ্যা: ১ (এক)
যোগ্যতাৰ চৰ্ত: প্ৰাসঙ্গিক ক্ষেত্ৰত অভিজ্ঞতাৰ সৈতে দশম উত্তীৰ্ণ।
ৰান্ধনী:
পদৰ সংখ্যা: ১ (এক)
যোগ্যতাৰ চৰ্ত: প্ৰাসঙ্গিক ক্ষেত্ৰত নিম্নতম ২ (দুই) বছৰৰ অভিজ্ঞতা।
ষ্টিৱাৰ্ড:
পদৰ সংখ্যা: ১ (এক)
যোগ্যতাৰ চৰ্ত: প্ৰাসঙ্গিক ক্ষেত্ৰত নিম্নতম ২ (দুই) বছৰৰ অভিজ্ঞতা।
ইউটিলিটি বয় (ধোৱা):
পদৰ সংখ্যা: ১ (এক)
যোগ্যতাৰ চৰ্ত: প্ৰাসঙ্গিক ক্ষেত্ৰত নিম্নতম ১ (এক) বছৰৰ অভিজ্ঞতা।
দৰমহা: মীমাংসাযোগ্য
বয়স: ৩৪ বছৰলৈকে
প্ৰাৰ্থীসকলে তেওঁলোকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ, বয়স, শিক্ষাগত অৰ্হতা আৰু পেছাদাৰী অৰ্হতা, অভিজ্ঞতা আদি উল্লেখ কৰি বায়ো-ডাটা ৰ সৈতে পাছপোৰ্ট আকাৰৰ ফটোৰ এটা প্ৰতিলিপি, তেওঁলোকৰ অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰমাণ হিচাপে প্ৰমাণপত্ৰ আৰু এখন বৈধ ফটো-আইডি কাৰ্ড লগত আনিব লাগিব।