বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত এইবাৰ ৰাজপথত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ওপৰত চৰকাৰে গ্ৰহণ কৰে কিছুমান বিশেষ সিদ্ধান্ত।
কেবিনেটৰ সিদ্ধান্ত অনুসৰিঃ
- চাৰিলেনযুক্ত পথত প্ৰতিঘণ্টাত সৰ্বোচ্চ গতিবেগ ১০০কি.মি ।
- ৰাজ্যিক গড়কপ্তানী পথত সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ৭০কি.মি।
- পৌৰসভা এলেকা পথত ঘন্টাত ৬০কি.মি
ইফালে ১৫দিনৰ ভিতৰত কেবিনেটৰ এই সিদ্ধান্তৰ ওপৰত মতামত দিব পাৰিব ৰাইজে। ইয়াৰ উপৰিও আজিৰ কেবিনেটে প্লাষ্টিক তৈয়াৰ কৰা সৰু সৰু উদ্যোগসমূহৰ বিকল্প ব্যৱস্থা গ্ৰহণৰ ওপৰতো বিশেষ প্ৰস্তাৱ ৰাখে।