মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ বহু দশক ধৰি চলি অহা সীমা সমস্যা । এই সমস্যা সমাধানৰ বাবে মঙলবাৰে এক বিশেষ চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে চুক্তিখনত ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ উপস্থিতিত চুক্তিখন স্বাক্ষৰিত হয় । উল্লেখ্য যে,ইয়াৰ পূৰ্বে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত মন্ত্ৰণালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱো দাখিল কৰিছিল ৷
উল্লেখ্য যে,৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ বাবে প্ৰস্তাৱিত পৰামৰ্শ অনুসৰি,অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখিব আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ক এৰি দিব ৷ অসম আৰু মেঘালয়ৰ মাজত এই চূড়ান্ত চুক্তিখন সম্পন্ন হোৱাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ বহু দিনধৰি অমীমাংসিত হৈ আছে ৷ এই ভূমি বিবাদ ১৯৭২ চনত মেঘালয় অসমৰ পৰা পৃথক হোৱাৰে পৰা চলি আহিছে ।