পাঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল। ৰে’লযোগে পাঞ্জাবলৈ ৰাওনা হয় অসম আৰক্ষীৰ দলটো। উল্লেখ্য যে, পাঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এইসকল জোৱান। বৃহস্পতিবাৰে পুৱা ৰে’লযোগে ৰাওনা হয় দলটো।
স্পেচিয়েল ডিজিপি জি পি সিঙে টুইটাৰযোগে অসম আৰক্ষীৰ এই দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। জি পি সিঙে টুইটাৰত শুভেচ্ছা জনাই লিখিছে – ‘Shine bright and bring back happy memories’
উল্লেখযোগ্য যে ২০ ফেব্ৰুৱাৰীত পাঞ্জাবত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ১০ মাৰ্চত ৰাজ্যখনত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগণনা।