বৃহস্পতিবাৰে নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল । ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে । পবিত্ৰ মাৰ্ঘেৰিটাই ৪৬ টা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৪৪ টা ভোট লাভ কৰিছে । ইপিনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই পৰাজয় বৰণ কৰিছে । ৰিপুন বৰাক জয়ীৰ বাবে ৪৩ টা ভোট অৰ্থাৎ ৪৩ বিধায়কৰ প্ৰয়োজন আছিল । কিন্তু ৰিপুন বৰাই ৩৬ টাহে ভোট লাভ কৰিবলৈ সক্ষম হয় । নাকচ হৈছে এটা ভোট ।
উল্লেখ্য যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ লগতে কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটদান নকৰি ইচ্ছাকৃতভাৱে ভুলকৈ ভোটদান কৰিছে । ইতিমধ্যে দল বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগত ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে । ইপিনে নিৰ্বাচনত জয়লাভ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই সকলো বি জে পি আৰু মিত্ৰজোঁটৰ অংশীদাৰ দলৰ বিধায়ক, মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতাক ধন্যবাদ জনায়।