আজি সৰুচৰাই চাহ বাগিছাত অনুষ্ঠিত হয়, অসম চাহ কৰ্মচাৰী সংঘৰ পশ্চিম যোৰহাট উপ শাখাৰ বাৰ্ষিক সাধাৰণ সভা l যোৰহাট জিলাৰ বাৰ খন চাহ বাগিচাৰ স্থায়ী কৰ্মচাৰীৰ লগতে সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাৰ উপস্থিতিত আৰু দ্বীপেন পাটনায়কৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় l এই সভাত বিভিন্ন চাহ বাগিচাৰ পৰা অহা প্ৰতিনিধি সকলে চাহ কৰ্মচাৰী সকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ আলোচনা আৰু পৰ্য্যালোচনা কৰে l চাহ বাগিচাৰ মালিক পক্ষৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে l উল্লেখযোগ্য যে, অনুষ্ঠানটোৰ পুৱা পতাকা উত্তোলন কৰে অসম চাহ কৰ্মচাৰী সংঘৰ সৰুচৰাই চাহ বাগিচাৰ প্ৰাথমিক গোটৰ চমৰা বাউৰী আৰু লগতে স্মৃতি তৰ্পণ কৰে সৰুচৰাই চাহ বাগিচাৰ পৰিচালক অপূৰ্ব শৰ্মাই l
উক্ত অনুষ্ঠানত যোৰহাট শাখাৰ সম্পাদক গণেশ চন্দ্ৰ বৰা,যোৰহাট শাখাৰ উপসভাপতি লক্ষ্মী চৰণ তাঁতী,যোৰহাট শাখাৰ উপ সভাপতি উৎপল শইকীয়া, যোৰহাট উপ শাখাৰ উপসভাপতি কেশৱ বুঢ়াগোহাঁই, যোৰহাট উপশাখাৰ সহ সম্পাদক ললিত শইকীয়া, যোৰহাট উপ শাখাৰ সভাপতি প্ৰবীণ বৰা,মৰিয়নি উপশাখাৰ সম্পাদক সমীৰণ গগৈ,যোৰহাট উপ শাখাৰ সম্পাদক ৰাজেন শৰ্মা আৰু টীয়ক চাহ বাগিছাৰ কৰ্মচাৰী তথা প্ৰাক্তন সহ সম্পাদক হীৰেন বৰা সহ বহু কেইগৰাকী লোক উপস্থিত থাকে l
এই অনুস্থানটোক সাফল্য মণ্ডিত কৰিতোলাত উদযাপন কমিটিৰ সাধাৰণ সম্পাদক ৰমেন দত্তৰ লগতে সদস্যই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে l পশ্চিম যোৰহাট উপশাখাৰ সংস্কৃকিক সম্পাদক ৰফিক আলিয়ে অনুষ্ঠানত উপস্থিত ৰাইজক দুটি সুন্দৰ গীতেৰে দৰ্শক সকলক বিশেষ আমোদ দিয়ে l এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃতি ছাত্ৰ ছাত্ৰী আৰু অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱা হয় l