মঙলবাৰে ভাৰতৰ চৰকাৰৰ পৰা অসমৰ পৰম্পৰাগত বস্ত্ৰ ‘গামোচা’য়ে ভৌগোলিক সংকেত (জিআই) স্বীকৃতি অৰ্জন কৰিছে। এতিয়াৰে পৰা ইয়াৰ অননুমোদিত ব্যৱহাৰ প্ৰতিহত কৰিবলৈ গামোচায়ে আইনী সুৰক্ষা লাভ কৰিব।
16 অক্টোবৰ 2017 তাৰিখে অসমৰ গোলাঘাট জিলাৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ দ্বাৰা জিআই ৰেজিষ্ট্ৰীত গামোচাৰ বাবে আবেদন দাখিল কৰা হৈছিল । গামোচাক অসম সম্প্ৰদায়ৰ অন্যতম বিশিষ্ট সাংস্কৃতিক পৰিচয়দাতা হিচাপে গণ্য কৰা হয়।
ভৌগোলিক ইংগিত (জিআই) হৈছে এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে খাপ খোৱা সামগ্ৰীৰ ওপৰত ব্যৱহৃত এক টেগ বা চিহ্ন। অসমীয়াৰ স্বাভিমান, হেপাঁহৰ গামোচাখনলৈ ভৌগোলিক স্বীকৃতি দানত অসমৰ শিপিনীসকল উৎসাহিত হৈছে। স্বাভাৱিকতে অসমৰ শিপিনীয়ে মৰমৰ, হেপাঁহৰ দিগ-বাণীৰে প্ৰস্তুত কৰা অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচাৰ বজাৰখনলৈ বৰ্হিৰাজ্যৰ গামোচাই অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে ভৌগোলিক সূচক স্বীকৃতি লাভ কৰা খবৰে উৎফুল্লিত কৰিছে সকলোকে। অসমীয়া ঐতিহ্য আৰু সংস্কৃতিৰ বাহক, অসমীয়াৰ স্বাভিমান গামোচাৰ এই প্ৰাপ্তিত বিশেষত: শিপিনীসকল উৎসাহিত হৈছে। কোনোধৰণৰ মানদণ্ড নথকা বহিৰাগত গামোচাৰ প্ৰকৃত মৰ্যদা হ্ৰাস কৰাৰ সময়ত আজি অসমীয়া গামোচায়ে পোৱা স্বীকৃতিয়ে অসমবাসীক উৎফুল্লিত কৰি তুলিছে।লগতে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি নেতৃস্থানীয় ব্যক্তিসকলে গামোচাখন বিভিন্ন অনুস্থানত নিজৰ কান্ধত লৈ যি সন্মান প্ৰদৰ্শন কৰি আহিছে সেয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰি গামোচাক GI স্বীকৃতিৰ বাবে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে।