ৰাজ্যৰ চৌদিশে ৰঙালীৰ উচাহ । চ’ত আৰু ব’হাগ বিহুৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয় গৰু বিহু । যোৰহাটৰ ঐতিহাসিক ভোগদৈ নদীত সামূহিক গৰু বিহু তথা গৰু গা ধুওৱা উৎসৱ উদযাপন কৰা হয় ।
আজি ৰঙালী বিহুৰ প্ৰথম দিন তথা গৰু বিহু । সমগ্ৰ ৰাজ্যত পৰম্পৰাগত গত ভাৱে গৰুক নোৱাই ধুৱাই সেৱা কৰা হয় । একেদৰে যোৰহাটৰ ঐতিহাসিক ভোগদৈ নৈৰ মনাই মেজিত সামূহিক ভাৱে গৰু গা ধুউৱা হয় । বিগত বহু বছৰ ধৰি এই দৰে সামুহিক ভাৱে গৰু গা ধুৱাই অঞ্চল বাসী ৰাইজে ।