- ৭৫ তম স্বাধীনতা দিৱসৰ “আজাদি কা অমৃত মহোৎসৱ” উপলক্ষে দিশপুৰ মহাবিদ্যালয়ে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰে।
- ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ আজি প্ৰথম দিনটো প্ৰভাত ফেৰীৰে আৰম্ভ কৰে।
- ৰাজ্যৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে দিশপুৰ মহাবিদ্যালয়তো শনিবাৰে পুৱা প্ৰভাত ফেৰি শোভযাত্ৰাৰ আয়োজন কৰে।
- হাতে হাতে জাতীয় পতাকা লৈ “বন্দে মাতৰম” ধ্বনিৰে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰভাত ফেৰিত ভাগ লয়।
- দিশপুৰ মহাবিদ্যালয়ৰ এই প্ৰভাত ফেৰি শোভযাত্ৰা মহাবিদ্যালয়ৰ চৌহদৰ পৰা চুপাৰ মাৰ্কেটলৈ গৈ পুনৰ মহাবিদ্যালয়লৈ আহে।
- দিশপুৰ মহাবিদ্যালয়ৰ এই কাৰ্যসূচী ১৫ আগষ্টত সামৰণি পৰিব।