- অৱশেষত বেংক অব বৰোদাই ঘূৰাই দিলে দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন।
- তিনিটা কিস্তিত বেংকে ওভতাই দিলে সমুদায় ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা ধন।
- ২১ এপ্ৰিলত দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা হেৰাইছিল ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা।
- এই ঘটনাৰ লগে লগে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই দিছপুৰ আৰক্ষীয়ৰ ওচৰত এক এজাহাৰ দিয়ে।
- ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবেই ধনখিনি হৰলুকী হোৱা বুলি জানিব পাৰিছিল।
- ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই দিছপুৰ মহাবিদ্যালয়ক তেওঁলোকৰ ধনখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
- প্ৰতিশ্ৰুতি অনুসৰি বৃহস্পতিবাৰে দিছপুৰ মহাবিদ্যালয়ক সম্পূৰ্ণ টকা ঘূৰাই দিলে বেংক অব বৰোদা কৰ্তৃপক্ষই।
- বেংক কৰ্তৃপক্ষই এই ধনিখিনিৰ বিনিময়ত পাবলগীয়া সূতখিনিও ঘূৰাই দিব দিছপুৰ মহাবিদ্যালয়ক।