আজি পৱিত্ৰ বাথৌ পূজা। বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা।
এই পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াযোগে সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে, বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰি সেই বেদীতে কণী, মদ-মাংসৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত বাথৌ দেৱতাক সন্তুষ্ট কৰিবলৈ দেওধনিয়ে নৃত্যৰ লগতে খেৰাই নৃত্যও কৰা হয়।