ভাৰত চৰকাৰৰ বিভিন্ন জনস্বাৰ্থবিৰোধী নীতিৰ বিৰোধিতাৰে সোম আৰু মঙলবাৰে দুদিনীয়াকৈ ভাৰত বন্ধ তথা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে দেশৰ শ্ৰমিক-কৃষকৰ পৰা আৰম্ভ কৰি একাধিক কৰ্মচাৰী সংগঠনে। এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন দি অসম মটৰ শ্ৰমিক সংগঠন সমূহেও ৪৮ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিছে।
অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই অচিৰেই চৰকাৰে শ্ৰমিকসকলৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, অত্যাধিক জৰিমনা বন্ধকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী কৰিছে। সোমবাৰে পুৱা ৬বজাৰ পৰা আৰম্ভ হৈছে এই চকা বন্ধৰ।
উল্লেখ্য যে, ভাৰত বন্ধৰ এই কাৰ্যসূচীলৈ বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীসকলেও সমৰ্থন কৰিছে।