মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাত বিহুত ৰঙালী বিহু উদযাপন কৰা ১০ বছৰ পুৰণি বিহু সমিতিক ডেৰ লাখ টকা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ পিছতেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰা একাংশ বিহু সমিতি তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ১০ বছৰৰ পূৰ্বে বিহু উদযাপন নকৰা একাংশ বিহু সমিতিয়েও সাহায্যৰ বাবে আবেদন কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নগাঁও জিলাত অসমৰ ভিতৰতে সৰ্বাধিক শতাধিক বিহু সমিতিয়ে এই সাহায্যৰ বাবে আবেদন কৰিছে। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাসমূহৰ ৪৮খন সমিতিয়ে আবেদন কৰিছে বুলি জানিব পৰা গৈছে। আবেদন কৰা এই তালিকাত সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ ।
২০০৬ চনতে এই বিহু সমিতিখনে নগাঁও চহৰৰ নেহেৰুবালিত বিহু উদযাপন কৰিছিল। পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ২০০৭ চনতো সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে নগাঁও নেহৰুবালিত বিহু উদযাপন কৰিছিল।
২০১৮ চনত সদৌ নগাঁও ৰঙালী বিহু সমিতিখনে দুভাগ হৈ দুয়োটা ভাগেই সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নামত মুকলি বিহু উদযাপন কৰে। অৱশ্যে ২০১৯, ২০২০ আৰু ২০২১বৰ্ষত সমিতিখনে ৰঙালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকে।
কিন্তু শেহতীয়াকৈ কেইজনমান লোকে বিহু উদযাপনৰ ধাৰাবাহিকতা অক্ষুন্ন নৰখা সদৌ নগাঁও ৰঙালী বিহুৰ উদযাপন সমিতিৰ নামত মুখ্যমন্ত্ৰীৰ ডেৰলাখ টকা সাহায্যৰ বাবে আবেদন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।