গছত ন-পাত ওলাইছে। চৌদিশে বিয়পি পৰিছে কপৌফুলৰ সুবাস। কুলি চৰাইটিয়ে গছৰ ডালত পৰি মাত লগাইছে। মুঠতে, চাৰিওফালে বসন্ত অহাৰ আগজাননী লগতে বহাগক আদৰাৰ প্ৰস্তুতি।
বাপতিসাহোন বিহুটিক আদৰাৰ প্ৰস্তুতিত আত্মহাৰা হৈছে প্ৰতিগৰাকী অসমীয়া। বিহুৱাৰ ঢোঁল-পেপাঁৰ মাতেৰে ৰজনজনাই হৈছে আকাশ বতাহ।
পিছপৰি ৰোৱা নাই দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো। দিনে নিশাই তেওঁলোক ব্যস্ত হৈ পৰিছে বিহুৰ আখৰা কৰাত।
দিশপুৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু দিশপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয় খনৰ বাকৰিত অনুষ্ঠিত কৰে বিহুৰ প্ৰশিক্ষণ কৰ্মশালা। ২৯ মাৰ্চৰ পৰা ৫ এপ্ৰিল তাৰিখলৈ অনুষ্ঠিত কৰা এই কৰ্মশালাত চিমা কাকতি, নুৰ আলি, দেবাংগনা চুটিয়াকে ধৰি বহুতো গন্য মান্য ব্যক্তি তথা বহুতো কন্ঠশিল্পী উপস্থিত থাকে।
মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা বিহুৰ প্ৰশিক্ষণ কৰ্মশালালৈ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰশিক্ষণ লবলৈ অহা দেখা গৈছে। প্ৰশিক্ষণৰ শেষত ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণপত্ৰ প্ৰদানৰো ব্যৱস্থা কৰা হোৱা বুলি উদ্যোগক্তা সকলে জানিবলৈ দিয়ে।