বহাগ পালেহিয়েই । সমগ্ৰ ৰাজ্যজুৰি এতিয়া অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ৷ গোলাঘাটৰো চেলেঙী গাৱৰ জ্ঞানোদয় মঞ্চই ২০ ৰ পৰা ২৯ মাৰ্চলৈ অয়োজন কৰা ১০ দিনীয়া বিহু কৰ্মশালা মঙলবাৰে সফলতাৰে সমাপ্ত হয় ৷
চেলেঙী ক্লাৱ প্ৰাঙ্গণত আৰম্ভ হোৱা এই কৰ্মশালাত প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷ এই কায্যসূচী নিয়াৰিকৈ চলাই যাবৰ বাবে ইতিপূৰ্বে ধনীৰাম গগৈ ,ফনিধৰ ফুকন, বদন গগৈক উপদেষ্টা,উমা গগৈক সভাপতি ,ৰাজীৱ গগৈ আৰু বিজিত ফুকনক যুটীয়া সম্পাদক দিপাঙ্কৰ ফুকনক সাংস্কৃতিক সম্পাদক হিচাপে লৈ গঠন কৰা ১৭ জনীয়া সমিতি খনে সুন্দৰকৈ কৰ্মশালাখন পৰিচালনা কৰে ৷
উল্লেখ্য যে, অনুষ্ঠানত প্ৰশিক্ষক হিচাপে থাকে বিহু সম্ৰাট তৰুণ কোঁৱৰ ,মহিলা প্ৰশিক্ষক হেপিমণি হাজৰিকা ,সহ প্ৰশিক্ষক মৌচুম হাজৰিকা আৰু কৰুণা গগৈয়ে প্ৰশিক্ষণ দিলে ন-শিকাৰু সকলক ৷ সামৰণি অনুষ্ঠানত হুচৰি প্ৰদৰ্শনেৰে বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷