আজি ৩১জানুৱাৰী। বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল আজিৰ দিনটোতে। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ় তোলাৰ বাবে অপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো তেজপুৰত কৰা হৈছে উদযাপন।
১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে।
ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক ‘ৰায়বাহাদুৰ’ উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।
ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী‘ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন‘ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য‘ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।