বৰপেটা সত্ৰত উপস্থিত হয় ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গগৈয়ে বৰপেটা সত্ৰ নিশ্চিতভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ যোগ্য বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু চৰকাৰে ঐতিহ্য ক্ষেত্ৰ কৰাৰ বাবে যিখিনি কাম কৰিব লাগিছিল সেই খিনি কৰিব পৰা নাই বুলি অভিযোগ কৰে।
তেওঁ সত্ৰত থকা সাঁচিপাতৰ পুথি আৰু সম্পদসমূহ বিজ্ঞানসম্মতভাৱে সংৰক্ষণৰ বাবে আহ্বান জনায়। বৰপেটা সত্ৰত নিৰ্মীয়মাণ মিউজিয়ামটো সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰাৰো আহ্বান জনায় গগৈয়ে।
আনহাতে,সাম্প্ৰতিক বান পৰিস্থিতিক লৈও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মৰণপণ যুঁজ দি হ’লেও অসমীয়া ৰাইজে অৰুণাচলৰ সৰু-বৰ সকলো জলবিদ্যুৎ প্ৰকল্প বন্ধৰ বাবে সংগ্ৰাম কৰিব লাগিব বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক বচাবলৈ এয়া অপৰিহাৰ্য বুলি কয় ৷
শিলসাঁকোত চলি থকা উচ্ছেদক লৈও মন্তব্য কৰে অখিল গগৈয়ে। ইপিনে উচ্ছেদ বন্ধ নহ’লে অহা ২৩ মে’ত উচ্ছেদ বন্ধৰ দাবীত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে ৷ বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই ৷ সেয়ে তেওঁলোকৰ যি ইচ্ছা তাকেই কৰিবলৈ লৈছে ৷
ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন আনি শাসন কৰিবৰ বাবে সকলো কাম কৰিছে ৷ বিজেপি চৰকাৰৰ প্ৰত্যেকটো কামৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণৰ কথাও ঘোষণা কৰে অখিল গগৈয়ে ৷ ধৰ্মীয় উন্মাদনা সৃষ্টিৰে মূল্যবৃদ্ধিৰ দৰে সমস্যাসমূহৰ ক্ষেত্ৰতো মাত মাতিব নোৱৰা অৱস্থাৰ সৃষ্টি কৰিছে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ওলাই অহাৰ আহ্বান অখিল গগৈৰ৷ ইপিনে আপৰ উত্থানক লৈও মন্তব্য অখিল গগৈৰ,আপক শুভেচ্ছা জ্ঞাপন অখিল গগৈৰ ৷ সমাজৰ আটাইতকৈ ডাঙৰ শত্ৰুক ভেটিবৰ বাবে সময়ত প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ইংগিত অখিল গগৈৰ ৷