- উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা।
- এই ভয়াৱহ নাও দুৰ্ঘটনাটো যমুনা নদীত সংঘটিত হৈছে।
- আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ফাতেহপুৰৰ পৰা মাৰ্কা গাওঁলৈ ৪০ জন যাত্ৰী কঢ়িয়াই অনা নাওখন নদীৰ মাজভাগতে ডুব যোৱাৰ ফলতপ্ৰায় ২০ জন যাত্ৰীৰ মৃত্যু হয়।
- ইতিমধ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি বান্দা আৰক্ষীয়ে লগতে কয়।
- ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জিলা প্ৰশাসনক উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে।