বৰ্তমান পৰিচালক অয়ন মুখাৰ্জীৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ চৰ্চা এতিয়া সৰ্বত্ৰে ৷ পৰিচালক অয়নে মুকলি কৰিলে ছবিখনৰ এখন নতুন পোষ্টাৰ ৷ শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব লগীয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ এইখন প্ৰথম ছবি ।
পোষ্টাৰখনৰ সৈতে ছবিখনৰ এটা গান ‘কেশৰিয়া’ৰ কিছু দৃশ্যাংশ দেখুৱালে । পৰিচালকজনে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে এই নতুন পোষ্টাৰখন । অয়ন মুখাৰ্জীৰ প্ৰায় 8 বছৰীয়া এটা দীৰ্ঘকালীন প্ৰকল্প এই দীৰ্ঘকালীন প্ৰকল্প এই ছবিখন । প্ৰেমৰ শক্তিক এক অন্য ধৰণে দৰ্শকৰ ওচৰলৈ লৈ যাব পৰিচালক গৰাকীয়ে ৷
উল্লেখ্য যে, এই ছবিখনত ৰণবীৰ কাপুৰকো আগতে কেতিয়াও দেখা নোপোৱা চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব ৷ পোষ্টাৰখনত আলিয়া আৰু ৰণবীৰক এক অন্তৰংগ মূহুৰ্তত দেখা গৈছে ৷ দুয়োৰে দেহত আঘাতৰ চিন দেখা গৈছে ৷ ফক্স ষ্টাৰ ষ্টুডিঅ’, ধৰ্মা প্ৰডাকচনছ, প্ৰাইমৰ ফ’কাছ এণ্ড ষ্টাৰলাইট পিকচাৰ্ছৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগাৰ্জুন আক্কিনেনীয়েও অভিনয় কৰিছে । চলচ্চিত্ৰখন ৯ ছেপ্টেম্বৰত হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাৰ পাঁচটা ভাষাত ছবিগৃহত মুক্তি পাব ।