অহা ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন । ইতিমধ্যে বিত্ত বিভাগৰ প্ৰধান সচিবে সকলো বিভাগৰ আয়ুক্ত, প্ৰধান সচিব, আয়ুক্ত সচিব, আদিক নিজ নিজ বিভাগৰ বাজেট প্ৰাককলন দাখিলৰ সময়সীমা ধৰি দিছিল ।
সেই সময়সীমা আজি অন্ত পৰে যদিও পুনৰ ১৫ ফেব্ৰুৱাৰীলৈকে বিত্ত বিভাগে বৃদ্ধি কৰিছে এই সময়সীমা ।
উল্লেখযোগ্য যে, এতিয়াও বহুকেইটা বিভাগে বাজেট প্ৰাককলন দাখিল কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, চলিত বিত্তীয় বৰ্ষৰ অন্তিম পুঁজি মুকলিৰ বাবে বিত্ত বিভাগৰ কনফাৰেন্স কমিটি, ষ্টেণ্ডিং কমিটি আৰু বিশেষ ষ্টেণ্ডিং কমিটিৰ বৈঠক সমূহ ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হব বুলি বিত্ত বিভাগৰ এক সুত্ৰই সোমবাৰে প্ৰকাশ কৰিছে । একেদৰে পুঁজি সম্পৰ্কীয় সকলো প্ৰস্তাৱ বিভাগ সমূহে ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিত্ত বিভাগৰ হাতত দাখিল কৰিবলৈ কোৱা হৈছে ।
ইপিনে এনে প্ৰস্তাৱ সমূহ নিস্পত্তিৰ বাবে প্ৰতিটো বিভাগৰ সচিব পৰ্যায়ৰ বিষয়া সকলক বিশেষ কৰ্তৃত্ব প্ৰদান কৰা হৈছে বুলিও সুত্ৰটোৱে প্ৰকাশ কৰে । অৰ্থাৎ চলিত বিত্তীয় বৰ্ষ শেষ হোৱাৰ পূৰ্বেই ২০২১-২২ ৰ সকলো বিত্তীয় লেনদেন সামৰিব খুজিছে বিত্ত বিভাগে ।