১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কিন্তু পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি এইবাৰৰ বাজেট অধিৱেশনৰ কাৰ্যদিন হ’ব মাত্ৰ ১০ দিনৰ । সাধাৰণতে বিধানসভাৰ বাজেট অধিৱেশন দীঘলীয়া সময়ৰ বাবে অনুষ্ঠিত হয় । কিয়নো চৰকাৰখনে দাখিল কৰা বাজেটৰ ওপৰত সদনত বিভিন্ন আলোচনা হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিধেয়কো উত্থাপন কৰা হয় । বিশেষকৈ বিধেয়কসমূহৰ ওপৰত হোৱা আলোচনা বা সেইসমূহৰ ওপৰত অনা সংশোধনী আদি সদনত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈ আহিছে ।
শনিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চৰকাৰখনে ইতিমধ্যে যিহেতু বিভিন্ন জনবিৰোধী কামকাজ কৰিছে ৷ গতিকে সদনৰ মজিয়াত যাতে সেইসমূহ বাবে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হ’বলগীয়া নহয় বা চৰকাৰ জবাবদিহি হ’বলগীয়া নহয়, তাৰ বাবেই অতি কৌশলগতভাৱে চমু সময়ৰ বাবে বাজেট অধিৱেশন এইবাৰ অনুষ্ঠিত কৰিব খোজা হৈছে ।