এটা বিতৰ্কিত এপে সমগ্র দেশতেই খলকনি তুলিছে। কিছুদিনৰ পৰা মুছলমান মহিলাৰ নিলাম কৰা এটা এক লৈ চৰ্চা অব্যাহত থকাৰ লগতে বিভিন্ন জনে এই এপৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বহু এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল এই এপটোৰ সৈতে জৰিত অভিযুক্ত এজনক ।
ধৃত নীৰজ বিষ্ণৈক বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি চিনাক্ত কৰিছিল দিল্লী আৰক্ষীয়ে।
ইয়াৰ পাছতেই বিতৰ্কিত বুল্লি বাই কাণ্ডৰ আন এজন অভিযুক্তক উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।
উল্লেখনীয় ভাৱে, মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি নীৰজ সিঙ নামৰ অভিযুক্ত জনক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলৰ এটা দলে উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ কৰে।
এই বিতৰ্কিত এপ সন্দৰ্ভত কিছুদিন পূৰ্বে হেডলাইন ৮ এ যুগুত কৰিছিল এক বিশেষ প্ৰতিবেদন। য’ত প্ৰকাশ কৰা হৈছিল এপৰ বিশেষ কিছু তথ্য।