এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব অসমৰ বিশাল তৈল ক্ষেত্ৰ । চৰকাৰে ভাৰতৰ মুঠ ৮ টা তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ আন্তৰ্জাতিক নিবিদা আহ্বান কৰিছে । তাৰ ভিতৰত আছে অসমৰ দুটাকৈ বিশাল তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ ।
উল্লেখ্য যে, আন্তৰ্জাতিক নিবিদা আহ্বান কৰি ব্যক্তিগত খণ্ডক গতাব খোজা এই আঠটা ব্লকৰ পৰিসৰ হৈছে মুঠ ১৫,৭৬৬ বৰ্গ কিলোমিটাৰ । ইয়াৰ ভিতৰত অসমৰ আছে দুটাকৈ বিশাল তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ এই নিলামত সাঙুৰি লোৱা অসমৰ এই দুখন বিশাল ক্ষেত্ৰৰ পৰিসৰ হ’ল ক্ৰমে এখনৰ ২,৪৪৫.৩০ বৰ্গ কিলোমিটাৰ আৰু আনখনৰ ১,৮৪০.৮৭ বৰ্গ কিলোমিটাৰ ।