ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঠিকনা হয়তো সলনি হোৱাৰ সম্ভাৱনা আছে। আচলতে ৰাজনীতিত কোনো স্থায়ী নহয় । ৰাজ্যিক বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ ভিতৰত হয়তো এখন আসনৰ দলীয় প্ৰাৰ্থী হ’ব পাৰে চন্দ্ৰমোহন পাটোৱাৰী ।
যদিওবা ইতিমধ্যে বিজেপিৰ কেইবাজনো নেতাই ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বিচাৰি দলীয় শীৰ্ষ নেতৃত্বক খাটনি ধৰিছে ৷ কিন্তু শেষ মূহুৰ্তত হয়তো দৃশ্যপট সলনিও হ’ব পাৰে ।
উল্লেখ্য যে, মন্ত্ৰী পাটোৱাৰী ৰাজনৈতিকভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধিক ওচৰৰ আৰু বিশ্বাসভাজন ।
মুখ্যমন্ত্ৰীয়ে পাটোৱাৰীক দিল্লীৰ ৰাজনীতিলৈ পঠিয়াব খুজিলেও পাটোৱাৰীয়ে কিন্তু সেই প্ৰস্তাৱ স্বীকাৰ কৰিব নে নকৰে সেয়া সময়েহে ক’ব । খবৰ অনুসৰি, পাটোৱাৰীক ৰাজ্যসভালৈ পঠিয়াই মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীয়ে অন্তৰ্ভুক্ত কৰিব পাৰে তেওঁৰ ৰাজনৈতিক সচিব তথা অতিকে বিশ্বস্ত নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাক ।