শনিবাৰে নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্র কৰি অসম চৰকাৰে দেওবাৰে ঘটনাৰ উচিত বিবেচনাৰ বাবে তদন্ত আয়োগ গঠনৰ নির্দেশনা প্রদান কৰিছে।
উল্লেখ যে, নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ তদন্ত কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক নিৰ্দেশ দিছে চৰকাৰে । দেওবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।
ইপিনে নগাঁৱৰ এই ঘটনাটোত যদি অসম আৰক্ষীৰ কোনো লোকে দোষ কৰিছে তেন্তে সেই নিৰ্দিষ্ট লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হব বুলি মন্তব্য কৰে। লগতে এই ঘটনাত জড়িত আৰক্ষীৰ লোককেইজনক সাত দিনৰ বাবে ৰিজাৰ্ভ ক্ল’জ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্রী গৰাকীয়ে ঘোষণা কৰে।