আজি আহোমৰ পবিত্ৰ মে ডাম মে ফি। এই অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে অসমৰ অন্যতম পৰ্যটনস্থলী ঐতিহাসিক হাবুঙত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আগমনক লৈ হাবুঙত চলিছে ব্যাপক প্ৰস্তুতিৰ ৷ আহোমৰ দ্বিতীয়খন ৰাজধানী হাবুঙত ৰাজ্য চৰকাৰে প্ৰায় তিনি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াইছে মূল উপাসনাস্থলী চাওৰেন আৰু ভকতসকলৰ নামঘৰ হলুংহফি ৷ মে ডাম মে ফিৰ দিনাই এই দুয়োটা মুকলি কৰি ভকতসকলক উছৰ্গা কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷