বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক সাক্ষাতৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীয়ে বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকৰ সৈতে তেখেতৰ স্বাস্থ্য সম্পৰ্কত আলোচনা কৰে । সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমান তেখেতৰ অৱস্থা যথেষ্ট ভালে । ভালদৰে কথা পাতিছে । বুঢ়াসত্ৰীয়াগৰাকীক লগ কৰাৰ বাবে বহু লোক আহিলে সংক্ৰমণৰ আশংকা থাকিব পাৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইপিনে বশিষ্ঠ শৰ্মাৰ লিভাৰৰ সমস্যা আছে আৰু ইয়াৰ বাবে ক’নজাৰভেটিভ চিকিৎসাৰ দ্বাৰাই ভাল হৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । দেওবাৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে কিছু অসুস্থ অনুভৱ কৰাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল ।
চিকিৎসাৰ অন্তত তেখেত কিছু সুস্থ হৈ উঠে যদিও মঙলবাৰে পুনৰ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেখেতক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় । চিকিৎসকে বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি মঙলবাৰে সন্ধিয়াই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । বৰ্তমান তেখেত জি এম চি এইচত চিকিৎসাধীন হৈ আছে । ইফালে চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মাৰ সমগ্ৰ চিকিৎসা ব্যয় বহনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।