সভাপতি ভূপেন বৰাৰ বাসগৃহত অনুষ্ঠিত হৈছে এখন বৈঠক। এই বৈঠকত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে , ৰাণা গোস্বামী। বৈঠকত উপস্থিত থাকে AIUDF বিধায়ক আব্দুল আজিজো। উল্লেখ্য যে, এই বৈঠকত ৰাজ্যসভাৰ প্ৰাৰ্থীৰ বাবে সূত্ৰ উদ্ভাৱন কৰা হ’ব ।
ৰাজ্যসভাত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰে ভূপেন বৰাই , মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰে ভূপেন বৰাই। মুখ্যমন্ত্ৰীক বিধায়ক কিনা বেচা কৰা দালাল আখ্যা দিয়ে তেওঁ । ইয়াৰ উপৰি মাটিৰ দালাল,থানাৰ দালাল যদি দালাল হ’ব পাৰে বিধায়ক কিনা বেচা কৰাসকল কিয় দালাল নহ’ব বুলি ভূপেন বৰাই মন্তব্য কৰে ।
ইপিনে বিধায়ক কিনা বেচা কৰা সকলক আঠুৰ তলত গুলীয়াব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ভূপেন বৰাৰ। ইয়াৰ উপৰি সম্প্ৰতি চলি থকা এনকাউন্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনকাউন্টাৰৰ উৎসৱ পাতিছে বুলি মত পোষণ কৰে ।
এই বৈঠকতেই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে APCCৰ সভাপতি ভূপেন বৰাই, তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ চকীত এজন বেয়া মানুহ বহিছে, চকীক সন্মান কৰো কিন্তু হিমন্ত বিশ্ব শৰ্মাক নকৰো। মামা বুলি সম্বোধন কৰা ভাগিনক বুলেটৰ নামত আঠুৰ তলত বুলেট গুলী দিয়া বুলি প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।