কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছে। উদ্যানখনত গঁড়ৰ সুৰক্ষাৰ বাবে বনকৰ্মীৰ লগত কাম কৰিব কামাণ্ডোৱে।কঁহৰা বনাঞ্চলৰ শিলেখুন্দাত মৃত গঁড় উদ্ধাৰৰ পিছত কামাণ্ডো বাহিনীটো নিয়োগ কৰা হৈছে। চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খৰ্গ কাটি নিয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্বসহকাৰে বিষয়টো লোৱা পৰিলক্ষিত হৈছে। অলপতে, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কাজিৰঙাত উপস্থিত হৈ চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত কামাণ্ডো নিয়োগ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।
কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ১০ জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত ১০ জন কামাণ্ডো নিয়োগ কৰিছে চৰকাৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰত কামাণ্ডো বাহিনীয়ে অত্যাধুনিক মৰাণাস্ত্ৰসহ পহৰা আৰম্ভ কৰিছে।