এইবাৰ ভূপেন বৰাক ভূপেন হাজৰিকাৰে তুলনা।কিছুদিনৰ পৰাই বিভিন্ন ৰাজনৈতিক নেতাই ভূপেন বৰাক বিভিন্ন সমালোচনা কৰি আহিছে । কোনোৱে যদি তেওঁক কবি বুলি ইতিকিং কৰিছে কোনোৱে আকৌ তেওঁ এজন বিফল ৰাজনীতিবিদ বুলি মন্তব্য কৰিছে ।
কবিতা আৰু গানেৰে শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকলৈ এতিয়া সৰৱ শাসকীয় বিজেপি ৷
ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গান আৰু কবিতা লিখি সমালোচনা কৰা আৰম্ভ কৰিছে ভূপেন বৰাই ৷ আনকি ভূপেন বৰাই নিজৰ গানটো জুবিন গাৰ্গক গাবলৈও আহ্বান জনালে ৷ ইয়াৰ পিছতে শুকুৰবাৰে ভূপেন বৰাক উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য,“চেনেলৰ কমেডী শ্বৰ হ’ষ্টৰ দায়িত্ব লওক ভূপেন বৰাই ৷ এতিয়া ভূপেন বৰাই জুবিন গাৰ্গকো বদনামী কৰিব ৷”
শাসকীয় পক্ষৰ পৰা এনেধৰণৰ আক্ৰমণ পাই নিৰৱ হৈ নাথাকিল বিৰোধী কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ৷ দলীয় সভাপতিৰ হৈ ঠিয় হৈ মণ্ডলে ক’লে- “অম্বিকাগিৰি ৰায় চৌধুৰী, বিষ্ণু ৰাভাৰ কাম ভূপেন বৰাই কৰি আছে ৷ কবিতা, গীতৰ জৰিয়তে মানুহক জগাব বিচাৰিছে তেওঁ ৷ বিষ্ণু ৰাভাই যেনেদৰে গীতৰ দ্বাৰা মানুহক জগাইছিল, তেনেদৰে ভূপেন বৰাই মানুহক জগাইছে ৷ অম্বিকাগিৰিয়ে কবিতাৰে মানুহক জগোৱাৰ দৰে ভূপেন বৰাইও অসমীয়া সত্তাক জগাইছে ৷ শিল্পী শিল্পীয়ে বিখ্যাতে হওঁক অখ্যাতেই হওঁক ৷
ইপিনে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ জাকিৰে ক’লে- “গান আৰু কবিতা সকলোয়ে লিখিব নোৱাৰে ৷ ভূপেন বৰাই গান আৰু কবিতা লিখি চৰকাৰক সজাগ কৰিছে ৷”