কোকৰাঝাৰৰ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবীত কংগ্ৰেছে শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে ।
উল্লেখ্য যে,কোকৰাঝাৰ থানাত বিগত ১৯ এপ্ৰিলত বিজেপি নেতা তথা বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই দাখিল কৰা এজাহাৰৰ ভিত্তিত দলিত নেতা মেৱানীক বুধবাৰৰ নিশা গুজৰাটত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল । কোকৰাঝাৰ সদৰ থানাত বিধায়কজনক তিনি ঘণ্টা সোধা-পোচা কৰাৰ অন্তত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে ৷তাৰ পিছতে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় নেতা জিগনেশ মেৱানীক ।
মেৱানীৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰক অসাংবিধানিক, অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে তেওঁ কয় যে,এই ঘটনাই প্ৰমাণ কৰে যে বি জে পি চৰকাৰখনৰ অধপতন আৰম্ভ হৈছে । নৰেন্দ্ৰ মোডীয়ে দেশত বিধায়কৰ গণতান্ত্ৰিক তথা কথা কোৱাৰ অধিকাৰ কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে ।