অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ২২ সংখ্যক সমাৱৰ্তন অনুষ্ঠান ।এই সমাবৰ্তন অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবপ্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোৱৰ শৰ্মালৈ অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে ।
বৃহস্পতিবাৰে অনুষ্ঠিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাৱৰ্তনখনত এই ডিগ্ৰী প্ৰদান কৰা হয়।বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাবৰ্তনত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে পৌৰহিত্য কৰে ।
সমাবৰ্তনত সন্মানীয় অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰাৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । হাইব্ৰীড ব্যৱস্থাপনাৰে (অনলাইন আৰু অফলাইন) অনুষ্ঠিত এই সমাবৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক , স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমুহ প্ৰদান কৰা হয় । এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠতা অৰ্জন কৰা ৪৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহো প্ৰদান কৰা হয় ।