দেওবাৰে ঘোষণা কৰা হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ৷ ইতিমধ্যে পুৱা ৮ বজাৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷
উল্লেখ্য যে, ২২ এপ্ৰিলত অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ এই ভোটগণনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাৰে পৰা প্ৰাৰ্থীসকলে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচনৰ ভোটগ্ৰহণ ৷গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে দখল কৰিছিল তিনিটাকৈ ৱাৰ্ড ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫২.৮২ শতাংশ ৷ তদুপৰি এইবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷এই নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ইয়াৰে ভিতৰত আছিল বিজেপিৰ ৫০ গৰাকী, মিত্ৰজোঁট অগপৰ ৭ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, আপৰ ৩৮ গৰাকী, এজেপিৰ ২৫ গৰাকী আৰু চিপিআইএমৰ ৪ গৰাকী প্ৰাৰ্থী ।