ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি হৈছে ক’ৰনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে ৩,৬৭৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ ৰ অৱস্থিতি ইপিনে ইতিমধ্যে ২০ গৰাকী লোকৰ মৃত্যু হয় ৷
ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰনাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৭,০৮,৫৩০ গৰাকীলৈ লোক। ইপিনে মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৩৭৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷
বৰ্তমান ৰাজ্যত সংক্ৰিয় হৈ আছে ৩৫,১৫৭ টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে ৮.২৮ ৷
কামৰূপ মহানগৰীত সৰ্বাধিক ৭৮৬ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ কামৰূপ গ্ৰাম্যত ১৮০ গৰাকী, গোৱালপাৰাত ১৭৫ গৰাকী আৰু গোলাঘাটত ১৬৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷
আনহাতে, ওদালগুৰিত ৩ গৰাকী, বিশ্বনাথ, দৰং, কৰিমগঞ্জ, শোণিতপুৰ, তিনিচুকীয়া জিলাত দুগৰাকীকৈ আৰু বৰপেটা, কাছাৰ, ডিব্ৰুগড়, কামৰূপ মহানগৰ, কাৰ্বি আংলং জিলাত এজনকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷
উল্লেখ্য যে,বৰ্তমানলৈকে ৰাজ্যত ২,৭৭,১৯,০৪৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰে ৭,০৮,৫৩০ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে ৯৩.৯৫% ৷