ৰাজ্যত বুধবাৰে পুনৰ নতুনকৈ ১,০২৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ আনহাতে মৃত্যু হয় ১৮ জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,১৯,৯২০ গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৪৯৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সংক্ৰিয় হৈ আছে ১৫,১৭৮ টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে ৩.০৮ ৷
উল্লেখ যে, কামৰূপ মহানগৰীত সৰ্বাধিক ২৫৪ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰনাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত ৬১ গৰাকী, কামৰূপ গ্ৰাম্যত ৪৮ গৰাকী আৰু গোৱালপাৰাত ৪৬ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কামৰূপ মহানগৰত ৭ গৰাকী, দৰং, ডিব্ৰুগড়, গোলাঘাটত ২ গৰাকীকৈ আৰু বঙাইগাঁও, কাছাৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷
ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে ৯৬.৮০% ৷ আনহাতে, বৰ্তমানলৈ ৪,১৫,০৯,৯৭০ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷