দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বিগত দিনটোত দেশত ১.৫৮ লাখ লোক ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এই সময়ছোৱাত ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ২.৮০ লাখ লোক। আনহাতে মৃত্যু হৈছে ১,৭২১ গৰাকী ক’ৰোনা আক্ৰান্তৰ। উল্লেখ্য যে বিগত সোমবাৰৰ দিনটোত দেশত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছিল ১,৬৭,০৫৯ জন লোক। সেই অনুসৰি সোমবাৰৰ তুলনাত মঙ্গলবাৰে প্ৰায় ৮,৫০০ লোক কমকৈ আক্ৰান্ত হৈছে। অৰ্থাৎ নতুনকৈ আক্ৰান্তৰ হাৰ ৫.৩৭ শতাংশ কম।
মন কৰিবলগীয়া যে বিগত ২০ জানুৱাৰী দিনটোত চলিত বৰ্ষৰ সৰ্বাধিক ৩.৪৭ লাখ লোক ক’ৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছিল। বৰ্তমান, দেশত সক্ৰিয় ক’ভিড আক্ৰান্তৰ মুঠ সংখ্যা অৰ্থাৎ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬.১৩ লাখ। সক্ৰিয় ঘটনাৰ সংখ্যা আগৰ দিনৰ তুলনাত প্ৰায় ১,২৩,৩২৩ হ্ৰাস পাইছে। ক’ভিড আক্ৰান্তৰ মুঠ ঘটনাই ৪.১৬ কোটি সংখ্যা অতিক্ৰম কৰিছে।