শনিবাৰে অসমত পুনৰ নতুনকৈ 2,৮৬১ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ লগতে ৰাজ্যত ক’ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩২,০১৩ গৰাকীলৈ বৃদ্ধি পায় ৷ এই সময়ছোৱাত মৃত্যু হয় ২১ গৰাকী লোকৰ ৷ কামৰূপ মহানগৰীত সৰ্বাধিক ৫৯৯ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷
কামৰূপ মহানগৰীৰ লগতে যোৰহাটত ১৬১ গৰাকী, তিনিচুকীয়াত ১৫০ গৰাকী আৰু ডিব্ৰুগড়ত ১৩৬ গৰাকী আক্ৰান্ত হয় ক’ভিডত ৷
আনহাতে, ক’ভিডত আক্ৰান্ত হৈ কামৰূপ মহানগৰী আৰু শোণিতপুৰত ৩ গৰাকী, ডিব্ৰুগড়, গোলাঘাট, মৰিগাঁও, নলবাৰীত ২ গৰাকীকৈ, বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ডিমা হাচাও আৰু যোৰহাটত ১ গৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷
বৰ্তমানলৈকে ৰাজ্যত ২,৭৭,৬০,১৭৯ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰে ৭,১১,৩৯১ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷