অসমত বুধবাৰে ১,৯৫১গৰাকী লোকৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে, বিগত ২৪ ঘন্টাত মৃত্যু হয় ২১ জন লোকৰ ৷ ইয়াৰ লগতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬,০৬৩ গৰাকীলৈ বৃদ্ধি পাইছে ৷ কামৰূপ মহানগৰীত সৰ্বাধিক ৪২২ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি ৷
যোৰহাটত ১৩৯ গৰাকী, লখিমপুৰত ৯১ গৰাকী আৰু ডিব্ৰুগড়ত ৮৭ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, ক’ভিডত আক্ৰান্ত হৈ কামৰূপ মহানগৰীত ৭ গৰাকী, ডিব্ৰুগড়ত ৪ গৰাকী, বৰপেটাত ২ গৰাকী, শোণিতপুৰত ২ গৰাকী আৰু কাছাৰ, গোলাঘাট, যোৰহাট, তিনিচুকীয়া, নগাঁও,কৰিমগঞ্জত ১ গৰাকীকৈ লোক মৃত্যু হয় ক’ভিডত ৷
বৰ্তমানলৈ ৰাজ্যখনত ২,৭৬,৭৪,৬৫৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰে ৭,০৪,৮৫৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ ৰাজ্যত মুঠ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৬,৩৫৯ গৰাকী ৷