দেওবাৰে ৰাজ্যত পুনৰ নতুনকৈ ৯১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ২০ জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৭,১৪,৫৯৫ গৰাকীলৈ লোক। ইয়াৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৪৪২, গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান ৰাজ্যত সংক্ৰিয় হৈ আছে ২২,৪৪৮ গৰাকী।
কামৰূপ মহানগৰীত সৰ্বাধিক ৩৫৭ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷
ৰাজ্যত বৰ্তমানলৈকে ২,৭৮,০৯,০৫৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে ৭,১৪,৫৯৫ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে ৯৫.৭৭%৷ আনহাতে, বৰ্তমানলৈ 4,১২,৮৫,৭৩২ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷