কৰ’না, ডেল্টা, মাংকী পক্সৰ উপৰিও বৰ্তমান আতংকৰ কাৰক হৈ থিয় দিছে আন এবিধ নতুন ভাইৰাছে। ভাৰতত আৰম্ভ হৈছে ন’ৰ’ ভাইৰাছৰ সংক্ৰমণ। কেৰালাত ইতিমধ্যে দুটি শিশু এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। চিকিৎসকলেও এই ৰোগ সন্দৰ্ভত সতৰ্ক কৰি দিছে দেশৰ নাগৰিকক। ন’ৰ’ ভাইৰাছ সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ‘এয়া এক মাৰাত্মক সংক্ৰামক ৰোগ। এই ৰোগৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়।’
আনহাতে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি এই ভাইৰাছ অতি সংক্ৰামক বুলি অভিহিত কৰিছে। ন’ৰ’ ভাইৰাছক ‘winter vomiting bug’ বা ‘stomach flu’ বুলিও কোৱা হৈছে এই প্ৰতিবেদনত। ন’ৰ’ ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ হিচাপে মূলতঃ পেটৰ সমস্যাই দেখা দিয়াৰ লগতে, ডায়েৰিয়া, জ্বৰ, মূৰৰ বিষ, অংগ-প্ৰত্যংগৰ বিষ আদিও হ’ব পাৰে বুলি চিকিত্সকে সদৰী কৰিছে। প্ৰধানকৈ খাদ্য আৰু পানীৰ পৰা এইবিধ ভাইৰাছ বিয়পে বুলি জানিবলৈ পোৱা গৈছে। খাদ্য বা পানীত যদি এই বীজাণু থাকে তেন্তে তাৰ পৰাই সংক্ৰমিত হ’ব পাৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ পৰাও ই বিয়পিব পাৰে।
এই সংক্ৰামক ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ উত্তম উপায়। সঘনাই হাত ধুৱাৰ লগতে আক্ৰান্ত ব্যক্তিৰ ওচৰলৈ নোযোৱাটোৱে স্বাস্থ্যৰ পক্ষে সুফলদায়ক। এতিয়ালৈকে ইয়াৰ কোনো নিৰাময় ব্যৱস্থা ওলোৱা নাই। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে এই ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিত্সকে সদৰী কৰিছে।