সোণৰ পালেঙতে অ’ মনে তৰা সোণৰ পালেঙতে অ’ মনে তৰা ধুনীয়া কোঁৱৰৰ ঘুমতি নাহিলে কপাহৰে তলিচা পৰা মনে তৰা।। পদুমৰ পাহিৰে গুথি দিম বিচনী বা দিম সুৰভি ভৰা মনে তৰা কাষতে লিগিৰী বহি নামে গাম কোনোবা বিতোপন দেশৰে সাধু ক’ম…
আজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপৰকোঁৱৰ, অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ , লেখক জ্যোতি প্ৰসাদ আগৰৱালক ৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰীত জন্ম গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
উল্লেখযোগ্য যে, ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই । লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল । ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আগৰৱালই । তাৰপিছতে ১৯৪১ চনৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাই স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল ।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক কেইখন হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা আৰু খনিকৰ ৷ একেদৰে জ্যোতি প্ৰসাদ আগৰৱালাই ৩০০ তকৈও অধিক গীত ৰচনা কৰি নিজে সুৰ দিছিল আৰু সেই সমূহকে জ্যোতি সংগীত বুলি কোৱা হয় ৷
এই গৰাকী মহান মনিষী জ্যোতি প্ৰসাদ আগৰৱালৰ ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান হৈছিল আৰু তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰী দিনটোকে প্ৰতিবছৰে শিল্পী দিৱস হিচাপে পালন কৰা হয় ৷