ভূপেন দাক অসমৰ আটাইতকৈ প্ৰিয় গায়িকা কোন বুলি সোধোঁতে প্ৰথমেই নাম লৈছিল হস্তীৰ কন্যা প্ৰতিমা বৰুৱা (পাণ্ডে) ৰ। ভূপেন দাই কথাছবি কৰিব ‘ মাহুত বন্ধুৰে’ । সেই সংক্রান্তত ১৯৫৫ চনত ভূপেনদা গৈ গৌৰীপুৰ পালেগৈ। ভূপেনদাক ৰাজবাৰীলৈ নিমন্ত্রণ জনালে প্ৰকৃতিশ চন্দ্র বৰুৱাই এখন জলসাৰ আয়োজন কৰি। সেই জলসাত ভূপেন দাই দুটামান গীত গালে। ভূপেন দাৰ পিছত পাল পৰিল প্ৰতিমা বৰুৱাৰ। প্ৰতিমা বৰুৱা তেতিয়া গাভৰু ছোৱালী। ভূপেন দাৰ সন্মূখত গান গাব লগা হোৱাত ভূপেন দাৰ ভাষাত ‘লাজত ৰঙা চিঙা পৰি নখে মাটি লেখাৰ অৱস্থা। ‘ পিতৃ লালজী অৰ্থাৎ প্ৰকৃতিশ চন্দ্র বৰুৱাই প্ৰতিমাক নিজৰ গীত গাবলৈ কোৱাত লাজ লাজকৈ ‘হস্তীৰ কন্যা’ আৰু ‘ সোনাৰ বৰণ’ পাখী’ কে ধৰি দুটামান গীত পৰিৱেশন কৰিলে। প্ৰতিমা বৰুৱাই কণ্ঠ আৰু মাটিৰ সুৰৰ গীতেৰে ভূপেন দাৰ হৃদয় জয় কৰিলে। তাৰ পিছত ‘এৰাবাটৰ সুৰ’ ৰ বাবে ভূপেন দাই প্ৰতিমা বৰুৱাৰ কণ্ঠত গীত বাণীবদ্ধ কৰোৱায়। কলিকতাৰ এইচ.এম.ভিত প্ৰতিমা বৰুৱাৰ স’তে ভূপেন দাই দৈত কণ্ঠত নিজৰ জীৱনৰ প্ৰথম আৰু একমাত্র গোৱালপৰীয়া লোকগীতৰ ৰেকৰ্ড কৰে পৰৱৰ্তী সময়ত। গৌৰীপুৰীয়া ৰাজকন্যাক ভূপেন দাই এক নতুন চিনাকি ‘হস্তীৰ কন্যা ‘ নামেৰে অসম তথা পশ্চিমবংগৰ শ্ৰোতাৰ আগত পৰিচয় কৰাই দিলে। আৰু লগে লগে গীতখিনি ‘গোৱালপৰীয়া লোকগীত’ হিচাবে প্ৰতিষ্ঠিত হ’ল।
জি.এন.আৰ.চি হাস্পাতালত জীৱনৰ শেষ মুহূর্তেটিত ভূপেনদালৈ অধীৰ আশালৈ বাট চাই আছিল প্ৰতিমা বাইদেউ, কাৰন ভূপেনদা আছিল তেওঁৰ প্ৰিয়তম শিল্পী। প্ৰতিমা বাইদেউৰ কাষলৈ ভূপেনদাক ২০০২ চনৰ ২৬ ডিচেম্বৰত যেতিয়া মই লৈ যাওঁ জি. এন. আৰ.চিৰ আই. চি. ইউত যেন চাৰি চকুৰ এক অভূতপূর্ব মিলনহে ঘটিছিল। সেই মিলন যেন আছিল ‘চিৰ-বিৰহ’ প্ৰতীক ‘। ভূপেন দাই কিঞ্চি অৰ্থ সাহাৰ্য্য আগবঢ়াই অতিশয় আবেগিক হৈ জি. এন. আৰ. চি এৰিছিল। তাৰ ঠিক এদিন পিছতেই ২৭ ডিচেম্বৰত বাইদেৱে ইহলীলা সম্বৰন কৰে। ভূপেন দাই ড০ বীৰেন্দ্ৰ নাথ দত্তৰ স’তে একেলগে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাতে ক্ষান্ত নাথাকি প্ৰতিমা বাইদেউৰ নশ্বৰ দেহৰ লগত একেখন লৰীতে উঠি উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনলৈ যাত্রা কৰি নিজৰ প্ৰিয়তমা শিল্পী গৰাকীক চিৰ বিদায় দিছিল।
ভূপেন দাৰ জৰিয়তেই প্ৰতিমা বাইদেউৰ স’তে মোৰো এক সু-সম্পৰ্ক গঢ়ি উঠিছিল। গুৱাহাটীলৈ যেতিয়াই আহে পানবজাৰৰ ‘সুৰদেৱী’ হোটেলত মোক মাতি পঠায়। মই গৈ পোৱাৰ লগে লগে মোৰ হাতখনত থাপ মাৰি ধৰি থাকি কাষতে বহুৱাই লয়। এদিন মই হাতখনত কিয় ধৰি থাকে বুলি সোধাত ক’লে “তুমিও ভূপেনদাক ভালপোৱা মইও ভালপাওঁ” সেইকাৰনেই। ৰঙিয়া, যোগীঘোপা, ডিব্ৰুগড়কে আদি কৰি বহুকেইখন মঞ্চত ভূপেনদাৰ ভূপেনদাৰ স’তে একেলগে গীত পৰিৱেশন কৰাৰ সুবাদতে মইও গীটাৰেৰে সংগত কৰাৰ সুযোগ পাইছিলোঁ। স্মৃতিৰ মনিকোঠাত সাঁচি ৰখা প্ৰতিমা বাইদেউৰ সান্নিধ্যেৰ কথাবোৰে আজিও আমনি কৰে। মাটিৰ মানষি আছিল প্ৰতিমা দিদি। তেওঁৰ সোঁৱৰণী ক্ষণত “হেডলাইন-৮ ৰ জৰিয়তে শ্ৰদ্ধা নিবেদিছোঁ অসমবাসীৰ লগতে।