“আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু। পহিলা বহাগৰ দিনাই ৰাজ্যৰ প্ৰতিটো ধৰ্মীয় স্হানৰ সমান্তৰালকৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত পুৱাই ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিজন অসমীয়াই পুৱাই গা-ধুই গোসাঁইক সেৱা কৰি আশীৰ্বাদ লয়।
সৰুৱে মান্যজনক সেৱা, সাক্ষাৎ কৰি আশীৰ্বাদ লৈছে যাতে আগন্তুক দিনবোৰ সুখ-শান্তিৰে পাৰ হয় সেই উদ্দেশ্যে হাতে হাতে ধূপ চাকি নৈবদ্য লৈ পুৱাই নেদেখাজনৰ শৰাণাপন্ন হৈছে।
ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব মংগল কামনা কৰি মহাপুৰুষ মাধৱ গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল দি সকলোৰে হৈ এখনি শৰাই আগবঢ়াই বিশ্ববাসীৰ মংগল কামনা কৰিছে।উল্লেখযোগ্য যে যোৱা দুটা বছৰে ক’ভিডৰ আতংকৰ বাবে ভক্ত সকল এই পীঠলৈ আহিব পৰা নাছিল যদিও এইবাৰ যিহেতু কভিডৰ আতংক নাই সেয়ে দুগুণ উৎসাহেৰে ভক্তসকলৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।