ধলা-শদিয়া সংযোগী ড৹ ভূপেন হাজৰিকা সেতুত ফাঁট ৷ দলঙখনৰ ১৮২ নম্বৰৰ খুঁটাটোত ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ ধলা-শদিয়া দলঙৰ শদিয়া প্ৰান্তত ঘাইপথ আৰু দলঙৰ মূল প্লেটৰ সংযোগ স্থলতেই হৈছে এই অঘটন ৷ দলংখনত ফাঁট মেলাৰ খবৰ লাভ কৰাৰ লগে লগেই কলকাতাৰ পৰা বিশেষজ্ঞৰ দল আহি পৰ্যবেক্ষণ কৰি ফাঁটটোৰ মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ কৰে ৷
ধলা-শদিয়া দলঙত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । ইতিমধ্যে প্ৰায় ৫০ শতাংশ মেৰামতি সম্পূৰ্ণ হৈছে দলংখনৰ ফাঁটটোৰ ৷
উল্লেখ যে, বিভাগীয় অভিযন্তাই জনোৱা মতে, নিয়মীয়াভাৱে এই দলঙৰ পৰিদৰ্শনৰ কাম চলি থাকে আৰু যি বিসংগতিয়ে দেখা দিছে সেয়া দুদিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা হ’ব ৷ সংযোগ প্লেটখনত কিছু ফাঁট মেলাৰ পাচতেই তলৰ খুটাটোলৈ এই ফাঁট সম্প্ৰসাৰিত হয় বুলি অভিযন্তাগৰাকীয়ে জনাইছে ৷
উল্লেখ্য যে, ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা এছিয়াৰ দীৰ্ঘতম দলংখনত নিৰ্মাণৰ পাঁচ বছৰৰ ভিতৰতে ফাঁট মেলা বিষয়টো তাৎপৰ্যপূৰ্ণ ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নদী-উপনদী সমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ বহুস্থানত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ৷ নৈৰ জলস্তৰ বৃদ্ধিৰ বাবেও দলংখনৰ খুঁটাত ফাঁট মেলাৰ সন্দেহ কৰিছে একাংশই ৷