আপুনি নিশ্চয় হোৱাটছএপ ব্যৱহাৰকাৰী। হোৱাটছএপ এক অতি সহজে ব্যৱহাৰ কৰিব পৰা এপ। কিন্তু, এতিয়াৰে পৰা হোৱাটছএপ ব্যৱহাৰ কৰোতে আপুনিও সাৱধান হব লাগিব।
কাৰণ, হোৱাটছএপৰ ৱেবছাইটত কোৱা হৈছে যে যদি আপুনি ‘সেৱা নিয়ম’ উলংঘা কৰে, আপোনাৰ একাউণ্টটো নিষিদ্ধ হ’ব পাৰে। কোম্পানীৰ ৱেবছাইটত উল্লেখ কৰা ৮ টা বস্তু বিচাৰি উলিয়াওক।
১) যদি আপুনি আন কাৰোবাৰ নামত ভুৱা একাউণ্ট খোলে। যদি হোৱাটছএপে এই কথা গম পায়। তেন্তে, সেই একাউণ্টটো বন্ধ বা নিষিদ্ধ কৰাও হ’ব পাৰে।
২) যদি আপুনি কাৰো সম্পৰ্ক তালিকাত নাই। কিন্তু, আপুনি কোনো এগৰাকী ব্যক্তিক বহুত মেছেজ প্ৰেৰণ কৰে। আপোনাৰ একাউণ্ট তেতিয়াও বন্ধ বা নিষিদ্ধ হ’ব পাৰে।
৩) হোৱাটছএপৰ সলনি তৃতীয় পক্ষৰ এপ্প এটা ব্যৱহাৰ কৰিলে বিপদৰ সৃষ্টি হ’ব পাৰে আপুনি। যদি আপুনি হোৱাটছএপ ডেল্টা, জি.বি. হোৱাটছএপ বা হোৱাটছএপ প্লাছৰ দৰে এপ্প ব্যৱহাৰ কৰে, তেতিয়াও নিষিদ্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট।
৪) যদি আপুনি বহুতো লোকক ব্লক কৰি থাকে, ই আপোনাৰ হোৱাটছএপ একাউণ্টৰ বাবে বিপদজনক হব পাৰে। আপোনাৰ সম্পৰ্কৰ তালিকাত থাকক বা নাথাকক, আপুনি বৃহৎ সংখ্যক একাউণ্ট ব্লক কৰিলেও নিষিদ্ধ হ’ব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট।
৫) যদি আপোনাৰ হোৱাটছএপ একাউণ্ট অধিক সংখ্যক লোকে ৰিপোৰ্ট কৰে, তেতিয়াও নিষিদ্ধ বা বন্ধ হ’ব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট।
৬) যিকোনো বাৰ্তা ফৰৱাৰ্ড কৰাৰ আগতে অতি সাৱধান হ’ব। যদি আপুনি এণ্ড্ৰইড ফোনত এ.পি.কে ফাইলৰ ৰূপত লোকসকললৈ মালৱেৰ বা সন্দেহজনক লিংক প্ৰেৰণ কৰি আছে, তেতিয়াও হোৱাটছএপে আপোনাৰ একাউণ্টটো নিষিদ্ধ কৰিব পাৰে।
৭) আনকি আপুনি “বেআইনী, অশ্লীল, মানহানিকৰ, ভাবুকি, ঘৃণা-প্ৰৰোচক” বাৰ্তা প্ৰেৰণ কৰিলেও, বা কাৰোবাক বিচলিত বা ভয় খুৱালেও, বন্ধ হব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট।
৮) আপুনি ভুৱা বাতৰিৰ প্ৰতি সাৱধান হ’ব লাগিব। যিবোৰ ভিডিঅ’ বা বাৰ্তাই হিংসা সৃষ্টি কৰে বা মিছা বাৰ্তা প্ৰচাৰ কৰে তেনে ভিডিঅ’ বা বাৰ্তা এটা ফৰৱাৰ্ড কৰাৰ আগতে দহবাৰ চিন্তা কৰক। এনে বাৰ্তা ফৰৱাৰ্ড কৰাৰ ফলত হোৱাটছএপে নিষিদ্ধ কৰিব পাৰে আপোনাৰ একাউণ্টটো।