বি জি ফাউভিণ্ডেচনৰ উদ্যোগত ডাঃ ভাস্কৰজ্যোতি গগৈ সোঁৱৰণী দ্বিতীয় বার্ষিক স্মৃতিচাৰণ সভা আৰু প্ৰথম বার্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অলপতে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। অনুষ্ঠানটো উদ্বোধনী কৰে ডঃ ডিম্বেন্দু মহন্তই। ইয়াৰ পাছতে ‘গণসংযোগৰ ধ্রুপদী মাধ্যম স্বৰূপে ডঃ ভূপেন হাজৰিকাৰ গান’ শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্রদান কৰে নৃতত্ত্ববিদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ মেধিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি কিছুদিন পূৰ্বে অনুষ্ঠিত ডঃ ভূপেন হাজৰিকা অনলাইন সংগীত প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰি বিজয়ী প্রতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। মুঠ দুটা শাখাত অনুষ্ঠিত প্রতিযোগিতাত ‘ক’ শাখাত প্রথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে গুণগুণ কাশ্যপ, অলকানন্দা ভূঞা আৰু শ্ৰুতি মানুষই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে প্ৰিয়াজী বৰ্মন, কৃষ্টিকন্যা শইকীয়া আৰু নয়োদিতা দাসে। ‘খ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে দেৱাস্মিতা কাশাপ, ধৃতিৰাজ কুণ্ডিলা আৰু শালিনী দুৱৰাই। আনহাতে সভাত নিত্যানন্দ দাস, সূৰ্য গোস্বামী, আলেখ্য চক্ৰৱৰ্তীকে ধৰি সাংস্কৃতিক জগতখনৰ লগত জড়িত কেবাগৰাকী লোক উপস্থিত থাকে।