অবৈধভাৱে সন্তান তুলি লৈ নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ডাঃ সংগীতা দত্তক পুনৰ ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বুধবাৰে আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে পুনৰ ৩ দিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে তেওঁক।
উল্লেখ্য, পূৰ্বে ১০ দিনৰ আৰক্ষীৰ জিম্মাত আছিল সংগীতা দত্ত। ইতিমধ্যে তেওঁৰ চিকিৎসক স্বামী ৱালিউল ইছলামক প্ৰেৰণ কৰা হৈছে জে’ললৈ। চিকিৎসক দম্পতীৰ ঘৰত দুই মহিলাকো জে’ললৈ প্ৰেৰণ কৰা হয়। বুধবাৰে নিৰ্যাতিত দুটি শিশুৰো জবানবন্দী সংগ্ৰহ কৰে আদালতে।