দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধিহোৱাৰ সময়ত বহু সংখ্যক লোকে অনলাইন বস্তু সামগ্ৰী ক্ৰয়ত অধিক আৰামদায়ক অনুভৱ কৰে। চুইগি বা জোমাটোৰ দৰে দেশীয় কোম্পানীৰ এপৰ সহায়ত সকলোৱে অনলাইন অৰ্ডাৰ দি ঘৰত থাকিয়ে খাদ্য প্ৰাপ্ত কৰিব পাৰে। এইবাৰ কেৱল খাদ্যই নহয় ঔষধৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীও, ড্ৰোনৰ সহায়ত কেইমিনিটমানৰ ভিতৰতে ঘৰতে বিতৰণ কৰা হ’ব।
এই প্ৰচেষ্টাটো কাৰ্যকৰী কৰাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলায় আছে। কেইবাবাৰো, ড্ৰোন ব্যৱহাৰ কৰি ঔষধ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰি ব্যৱস্থাটো পৰীক্ষা কৰা হৈছে। ডিচেম্বৰ মাহত, ৩০০ ৰো অধিক ড্ৰোন পৰীক্ষা কৰা হৈছিল। অৱশেষত, এই সেৱাটো এই বছৰৰ মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰা হৈছে। কিন্তু, প্ৰথমেই এই প্ৰকল্পটো ভাৰতৰ সকলোবোৰ চহৰতে আৰম্ভ কৰিব নোৱাৰি। চুইগিয়ে বৰ্তমানৰ বাবে বেংগালুৰু আৰু দিল্লীত ড্ৰোনৰ সহায়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ কাম আৰম্ভ কৰিব।
অৱশ্যে, এই ড্ৰোন-ডেলিভাৰী সেৱাই সামগ্ৰীবোৰ পোনপটীয়াকৈ গ্ৰাহকৰ ঘৰলৈ প্ৰদান নকৰিব। ইয়াৰ পৰিৱৰ্তে, ড্ৰোন-ডেলিভাৰী সেৱাই ই-দোকানৰ পৰা ডাৰ্ক-ষ্টোৰলৈ সামগ্ৰীবোৰ লৈ যাব। ডাৰ্ক-ষ্টোৰ হৈছে গ্ৰাহকৰ ঘৰৰ ওচৰত থকা ষ্টোৰ। তাৰ পৰা, ডেলিভাৰী কৰা ব্যক্তিজনে সামগ্ৰীবোৰ সংগ্ৰহ কৰি সেইবোৰ গ্ৰাহকৰ ঘৰলৈ প্ৰদান কৰে।